জোনাকৰ দলিচাত...

ডাঙৰ মানুহ-সৰু মানুহ

✍ ৰীতা গোৱালা
ডুলিয়া বাম চাহ বাগিচা প্ৰাথমিক বিদ্যালয়
       
      ধনীৰামে ঘৈণীয়েক নেদেখাকৈ মনে মনে গৈ চাউলৰ টেমাটো জুমি চালে । নাই । খুদকণ এটাও নাই দেখুন !  কি কৰা যায় এতিয়া ?  হাতত দাখন লৈ সি ধুমুহাৰ গতিৰে টাউনলৈ কাম বিচাৰি গুচি গ'ল ।
        এবেলাৰ বাবে কোনোৱেই  কাম নিদিয়ে ।  বহু অনুনয়-বিনয় কৰাৰ পিছত ধনীৰামে এঘৰত কাম পালে । হাজিৰাটো লৈ সি দৌৰি গৈ দোকান পালেগৈ । দুই কেজি চাউল, আধা কেজি আলু লৈ  খৰখোজেৰে ঘৰলৈ বুলি ৰাওনা হ'ল । এমা- ডিমাকৈ থকা তিনিটি সন্তানৰ মুখত হাঁহি বিৰিঙি উঠা যেন লাগিল ধনীৰামক । হঠাৎ পিঠিত পূৰ্ণহতীয়া কোব এটা পৰিল । মূৰি দাঙি দেখিলে কেইবাজনো পুলিচে তাক ঘেৰি কোবাবলৈ  লাঠি দাঙিছে ।  এজন পুলিচে ক'লে— “ঐ কুকুৰ । নতুন SOP  খন পঢ়া নাই ? তঁহতৰ দৰে সৰু সৰু মানুহবোৰৰ বাবেই   চাৰিওফালে ক'ৰোনা মহামাৰীটো বিয়পি পৰিছে ।” এজনে তাৰ হাতৰ পলিথিনটো জুৰেৰে টানি দিলে । পলিথিনটো ফাটি গোটেই ৰাস্তাতে  চাউল আৰু আলুখিনি সিঁচৰিত হৈ পৰিল । ধনীৰামে পগলাৰ দৰে সেইখিনি বুটলিবলৈ চেষ্টা কৰিলে । ঠিক সেই সময়তে দামী গাড়ী এখন সেইবিলাকৰ ওপৰেৰে পাৰ হৈ গ'ল । এজন পুলিচে গাড়ীখন ৰখালে । গ্লাচখন নমাই গাড়ীৰ ভিতৰৰ পৰা মানুহজনে পুলিচজনক মিচিকিয়া হাঁহিৰে ক'লে—  “চাৰ,  একেবাৰে এৰাব নোৱাৰা কামৰ বাবেহে পলম হ'ল ।”  পুলিচজনে হাঁহি হাঁহি ক'লে— “হ'ব হ'ব । সোণকালে যাওকগৈ ।” “বাই ...” বুলি কয়   মানুহজনে গাড়ীখন  চলাই গুচি গ'ল ।  ধনীৰামে অশ্ৰুসিক্ত নয়নেৰে সকলো দৃশ্য চাই আছিল । এইবোৰ দেখি তাৰ বুকুখন চিৰাচিৰকৈ ফাটি গ'ল ।  সি বুকুৰ বিষ সহ্য কৰিব নোৱাৰি ধুপুচকৈ মাটিতে  বহি পৰিল । লগে লগে পুলিচ এজনে আহি  সোণকালে যা বুলি ৰাজহাড়ডালতে আৰু এটা কোব  মাৰিলে । সি কোনো মতে থিয় হৈ ধৰক- বৰককৈ ঘৰমুৱা খোজ দি ভাৱিলে— “বাহ! ৰেই দুনীয়া !  ধনীয়ে কৰিলে লীলা আৰু দুখীয়াই কৰিলে ধৰি- বান্ধি কিলা ।”   সি   কোনোমতে বাঁহৰ জপনাটো খুলি ঘৰলৈ সোমাই আহিলে ।  বাৰাণ্ডাৰ খুটা এটাতে আউজী বহি মুখেৰে বিৰবিৰাই থাকিল— “ডাঙৰ মানুহ- সৰু মানুহ , ডাঙৰ মানুহ- সৰু মানুহ ...”
✼✼✽✼✽✼✼