জোনাকৰ দলিচাত...

নৈতিক

✒ ননী মাধৱ ফুকন
প্ৰাঃ শিক্ষক  
(বিষয়: শিক্ষক দিৱস বিশেষ)
   মধুৰতম উপলব্ধিৰ নিঃসংকোচিত স্বীকাৰোক্তিয়েই জ্ঞান ।
ই শ্ৰমৰ গণনা আৰু অৱধাৰিত গতিধাৰাৰ শেষত ধ্যানমগ্নতাৰ অমোঘ মন্ত্ৰমালা । 
   সৰোবৰত সঁজাল ধৰা মুকুতাৰ মহল এটি ভাঙোতে 
খনিকৰৰ হাত তেজেৰে ৰাঙলী হোৱাৰ বিনিময়ত 
এজন শিক্ষক এজন শিক্ষাৰ্থীৰ স'তে একেলগতে একেটা ক্ষণতে জন্ম হয় । 
   শিক্ষাৰ্থীজনৰ দহো আঙুলীত দহোবনৰ আখৰ লগোৱা আঙঠি পিন্ধাই শিক্ষক এজনে কয় 
" এতিয়া বাখৰ খটোৱা তোমাৰ আঙুলীবোৰে চন্দ্ৰ সূৰ্যৰ স'তে ব্ৰহ্মাণ্ডৰ গতিপথ, বেগ আৰু প্ৰতি সভ্যতাৰ খৱৰ লিখিবলৈ যত্ন কৰিব । 
তোমাক ব্যগ্ৰ কৰিব ! 
আৰু , তুমি প্ৰযত্নেৰে মন্দিৰৰ দুৱাৰ মুকলি কৰিবা । 
খৱৰ কাকতত
শ্ল'গান চিঞৰ বিজ্ঞাপন আৰু সংগীতত 
চাৰুকলাৰ পৰা সমৰ কলা বিজ্ঞানলৈকে প্ৰতিটো ৰূপান্তৰত
সংযমেৰে শৰীৰী ভোক আৰু পিয়াহত ;
ঘন আন্ধাৰৰ চুক কাণ সামৰি পোহৰৰ প্ৰতিপালনত 
জাতি - বৰ্ণৰ পদযাত্ৰাৰ জ্যামিতিক অভ্যাসত ; 
প্ৰেম - প্ৰণয় আৰু বিশ্বাসৰ প্ৰতিপাহ ফুলৰ প্ৰাঞ্জল অনুশীলনত 
সুউচ্ছ হিমালয় সাগৰৰ গভীৰতাত হাহাকাৰ হৈ ডুৱ যোৱাৰ  পৰত ; 
প্ৰলয়  প্ৰহেলিকাই প্ৰতিঘাত কৰা ; 
জাৰে- জহে   কঙালে কটা  পিঠিত সেউজীয়া বেলিটো বান্ধোঁতে
তুমি প্ৰযত্নেৰে মন্দিৰৰ দুৱাৰ মুকলি কৰিবা । 
আৰু , আমি দুয়ো নৱজীৱনৰ প্ৰাৰ্থনাৰে প্ৰতিমূহুৰ্ত প্ৰজ্ঞাৰ পাঠ হৈ ৰ'ম 
উত্তৰসূৰী ইতৰ - এলান্ধু আৰু দানৱৰ বাবে "
✴✴✴✴✴