জোনাকৰ দলিচাত...

মহানুভৱতা

✒ শ্ৰীমতী চিমি ফুকন, সপ্তম শ্ৰেণী  
হালধিবাৰী মজলীয়া বিদ্যালয় 
আনদিনাতকৈ আজি যেন জাৰ অলপ বেছি। ৰাতি কিমান হ’ল কোনে জানে! আন্ধাৰত দেৱাল ঘড়ীটো নেদেখিয়েই। নিৰুপাই এনেতে খিৰিকীয়েদি চাওতে বাহিৰত এজন মানুহ বহি থকা যেন দেখা পালে। লৰালৰিকৈ দুৱাৰখন খুলি বাহিৰলৈ ওলাই আহি দেখে এজন মানুহ বহি আছে গাত ফটা লুঙী আৰু মূৰত বগা টুপীটোৰ বাহিৰে একো নাই। হয়তো মুছলিম মানুহ। দাড়িবোৰো দীঘল দীঘল টুপীটো পিছে মুছলমান মানুহবোৰে পিন্ধা যে সেই বগা বাতিটোৰ নিচিনা। মানুহজন ঠাণ্ডাত থক্‌থককৈ কঁপি আছে।
নিৰুপা সিং এজনী হিন্দু ছোৱালী, বয়স ৮ বছৰ। মাক−দেউতাকৰ লগত তাই শ্ৰীনগৰত বাস কৰে। নিৰুপা এজনী সহজ−সৰল, দয়ালু আৰু সাহসী ছোৱালী। দূৰ্ভগীয়া মানুহ এজন দেখিলেই তাইৰ কণমানি বুকুখনে হাঁহাকাৰ কৰি থাকে। সিহঁতৰ চুবুৰীটোত সকলো মানুহেই ইছলাম ধৰ্মাৱলম্বী লোক। কেৱল মাত্ৰ সিহঁত হে হিন্দু।
অ’, সেই যে বাহিৰত মানুহটো বহি থকা দেখা পালে তাৰপাছত তাই মানুহজনক সুধিলে, “আপোনাৰ নামটো কি খুড়া?”
মানুহজনে ক’লে, “ৰহনত খান।”
নিৰুপা− আপুনি কিয় ইয়াত এনেকৈ বহি আছে আৰু আপোনাৰ ঠাণ্ডা লগা নাই নেকি? মানে গাত একো শ্বল নাই লোৱা বা জেকেট পিন্ধা নাই যে! আপোনাৰ কিবা হৈছে নেকি মোক কওকচোন, মই কিবা সহায় কৰিব পাৰোঁ নেকি চাও।
তেতিয়া মানুহজনে ক’লে− মই বৰ দুখীয়া মানুহ। খাবলৈকে একো নাই মানে যোগাৰ কৰিব নোৱাৰোঁ আকৌ কাপোৰ কেনেকৈ পিন্ধিম। আৰু তুমি যে সুধিলা মোৰ সমস্যাটোৰ কথা ইমান সৰু ছোৱালীজনী হৈ পাৰিবা জানো।
নিৰুপা− ক’লে নিশ্চয় চেষ্টা কৰি চাব পাৰিম।
মানুহজন− মানে মোৰ আম্মা দহদিনৰ পৰাই বেমাৰত ভূগি আছে। হস্পিতেল নিব পৰাকৈ মোৰ হাতত টকা নাই আৰু আজি মই আম্মাৰ কাৰণে কিবা খোৱা বস্তু খুজিবলৈ আহিছোঁ কিন্তু মোৰ খুজিবলৈ সাহ হোৱা নাই।
নিৰুপা− অ’ বলক তেনেহলে আমাৰ ঘৰলৈ।
এইবুলি কৈ নিৰুপাই তেওঁক সিহঁতৰ ঘৰলৈ লৈ গ’ল। তাই তেওঁক নিওতে ওচৰৰ মানুহবোৰে সকলো দেখি আছিল। তাই মাকক গোটেই কাহিনীটো ক’ৰ পৰা কি হ’ল সকলো ক’লে। তেতিয়া মাকে ৰহনত খানক ৰুটি আৰু অলপ খোৱা বস্তু দিলে লগতে চিকিৎসালয়লৈ নিয়া সম্পূৰ্ণ খৰচ, মাকলৈ বুলি এখন শ্বল আৰু তেওঁক এটা জেকেট দি পঠিয়ালে।তেতিয়া ৰহনতে সেইখিনি আনন্দমনেৰে লৈ তেওঁলোকক ধন্যবাদ দি ঘৰলৈ গুছি গ’ল।
মানুহজন যোৱাৰ পাছত নিৰুপাই মাকক ক’লে, “মা, নিজৰ ধৰ্ম মানুহ এজন অনাথ হৈ পৰি আছে আৰু তেতিয়া তেওঁলোকৰ ধৰ্মৰ মানুহে নবচাই বেলেগ এজন ধৰ্মৰ মানুহে বচালে এইটো তেঁওলোকৰ ধৰ্মৰ মানুহৰ মহানুভৱতা নেকি?”
মাক− তুমি যে ইমান কণমানি হৃদয়ৰ ছোৱালী হৈ ইমান ডাঙৰ কথাটো ঢুকি পাইছা।
এইবুলি কৈ মাকে তাইক সাবটি ধৰিলে।
❁❁❁❁❁