✍ শ্ৰীমতী চুমি ফুকন, নৱম শ্ৰেণী
চেচুঘাট শিলপোতা সংযুক্ত উচ্চ মাধ্যমিক বিদ্যালয়
এখন গাঁৱত এজন ল’ৰা আছিল। ল’ৰাজনৰ নাম ৰিংকু বৰুৱা। দেউতাক আছিল এজন চাকৰিয়াল। ভনিয়েক, মাক−দেউতাকৰ সৈতে সৰু পৰিয়ালটো বৰ সুখী আছিল। ৰিংকুৰ পঢ়াত অলপো মন নাছিল। সি চেচুঘাট আদৰ্শ বিদ্যালয়ৰ পঞ্চম শ্ৰেণীত পঢ়িছিল। পঢ়া−শুনাত মন নাছিল যদিও সি মধ্য মেধাবীয়েই আছিল। তাক সদায় মাকে বিদ্যালয়ত থয়গৈ আৰু আনেগৈ। এদিনাখন তাক মাকে বিদ্যালয়ৰ পৰা আনিবলৈ যাওঁতে প্ৰধান শিক্ষয়িত্ৰী মহোদয়াক প্ৰশ্ন কৰিছিল যে, ৰিংকুয়ে প্ৰাথমিক বৃত্তি পাবনে? তেতিয়া প্ৰধান শিক্ষয়িত্ৰীয়ে কৈছিল যে তাৰ হাতৰ আখৰ ইমান বেয়া যে সি বৃত্তি পোৱাটো অসম্ভৱ। তেতিয়া তাৰ মাকে বৰ অপমানবোধ কৰিলে আৰু লজ্জিত হ’ল আৰু মাকে তাক ঘৰলৈ আনি বহুত গালি পাৰিলে।
মাকে তাৰ আখৰ ভাল কৰিবলৈ বিভিন্ন প্ৰকাৰে চেষ্টা চলালে। “চেষ্টাৰ অসাধ্য একো নাই, তই বৃত্তি পাবিয়েই।” বুলি ৰিংকুক উৎসাহ দিলে। সি নেৰানেপেৰা উৎসাহেৰে পঢ়িবলৈ ধৰিলে আৰু তাৰ মনত বিশ্বাস আছিল সি বৃত্তি পাবই। সেইদৰে পঢ়ি পৰীক্ষাত যোগ দিলে। সি সেই বছৰ বছৰেকীয়া পৰীক্ষাত প্ৰথম স্থান পালে।
কিছুদিনৰ পাছত বৃত্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰাত ৰিংকুৰ নামো পৰীক্ষাত উত্তীৰ্ণসকলৰ ভিতৰত ওলাল আৰু সিহঁতৰ ঘৰখন আনন্দেৰে ভৰি পৰিল।
❊❊❊❊❊