✒ শ্ৰীমতী ভাগশ্ৰী বৰা, চতুৰ্থ শ্ৰেণী
দলনীকুৰ প্ৰাথমিক বিদ্যালয়
আৰম্ভণি- চীন দেশত যুনানান চহৰত ২০১৯ চনত এই বেমাৰৰ উৎপত্তি হয়।চিনে বিশ্বৰ অৰ্থ-নীতি দুৰ্বল কৰিবৰ বাবে এই ৰোগৰ পৰিকল্পনা কৰিছিল।
ৰোগৰ পৰিচয়- ২০১৯ চনত এই মহামাৰী ৰোগৰ সৃষ্টি হোৱাৰবাবেই এই ৰোগৰ নাম গৱেষক সকলে কভিড 19 বুলি চিনাক্ত কৰিছিল। এই ৰোগ হ'লে মানুহৰ দেহত জ্বৰ, কাহ, মূৰ-বিষ, গা-বিষ, দুৰ্বলতা আদি লক্ষ্যনে দেখা দিয়ে।
কৰোনা প্ৰভাৱ- এই ৰোগতো অসমৰ লগতে গোটেই বিশ্বতে বিয়পি পৰিছে। কৰোনা ভাইৰাছটো কমাবৰ বাবে বহু ঠাইত লকডাউন দিয়া হৈছে।
২০১৯ চনৰ কৰোনা ভাইৰাছে গোটেই বিশ্বতে বহুত প্ৰভাৱ পেলাইছিল। ইয়াৰ ফলত বহুতো মানুহ মৃত্যু মুখত পৰিছে। পাছলৈ ডাক্তৰ সকলে গৱেষণা কৰি ভেকচিন তৈয়াৰ কৰে। এই ভেকচিন সকলোকে দিবলৈ সকলো দেশৰ চৰকাৰে প্ৰচেষ্টা কৰিছে।
প্ৰতিকাৰ- কৰোনা ৰোগৰ পৰা হাত সাৰিবলৈ ঘৰতে পৰিষ্কাৰ কৈৰি থাকি চৰকাৰৰ সকলো নিয়ম-নীতি মানি চলিব লাগে। যিসকলৰ কৰোনা ৰোগ হয় সেইসকলক স্বাস্থ্য বিভাগে বেলেগ ৰখোৱাবাৰহোম কোৱাইন্টোজন কৰাৰ ব্যৱস্থা কৰিছে। মাস্ক পৰিধান কৰি আৰু সঘনাই ছেনীটাইজ কৰি থাকিব লাগে।
সামৰণি- এই ৰোগ যিসকলৰ হয় তেওঁলোকৰ পৰা আঁতৰত থাকি সাৱধানতা অৱলম্বন কৰিব লাগে। বৰ্তমান চৰকাৰে দিয়া ভেকচিন ভয় নকৰাকৈ সকলোৱে ল'বলৈ আগবাঢ়ি যাব লাগে। বৰ্তমান লৈকে এই ৰোগে বিশ্বৰ জনসাধাৰণক জুৰুলা কৰি তুলিছে।
❊❊❊❊❊