জোনাকৰ দলিচাত...

দীপা মালিক ⵓ প্ৰেৰণাৰ অন্য এক নাম

 ✍    প্ৰিয়াক্ষী মহন, সহ: শিক্ষয়িত্ৰী  
চেচুঘাট শিলপোতা সংযুক্ত উচ্চ মাধ্যমিক বিদ্যালয়  
                                       সচৰাচৰ আমাক জীৱনৰ সমস্যাসমূহে নিৰ্দিষ্ট কৰি দিয়া সীমাবদ্ধতাৰ মাজতেই ভাগ্যক ধিয়াই আমি হাৰ মানি লওঁ । সেইবোৰ অতিক্ৰমিও যে অন্য এক জীৱনে আমাক হাত-বাউল দি থাকে, আমি তাক ইচ্ছাকৃত বা অনিচ্ছাকৃত ভাবেই হওক আওকাণ কৰোঁ। কিন্তু  এই পৃথিৱীতেই এনে বহুজন আছে যি এই সমস্যাবোৰক প্ৰতিবন্ধকতা হিচাপে নলৈ প্ৰত্যাহ্বান হিচাপেহে গ্ৰহণ কৰে আৰু সহস্ৰজনৰ অনুপ্ৰেৰণাৰ উৎস হৈ জিলিকি থকাৰ লগতে নিজৰ প্ৰচণ্ড ইচ্ছাশক্তি, সাহস আৰু একাগ্ৰতাৰ জৰিয়তে সকলো সমস্যাকেই এক নতুন সুবিধা হিচাপেহে গ্ৰহণ কৰে।তেনে এক দুৰন্ত ব্যক্তিসত্বা হ’ল পেৰা অলিম্পিক পদক বিজয়ী প্ৰথম ভাৰতীয় মহিলা দীপা মালিক।
                   এইগৰাকী প্ৰতিভাধৰ খেলুৱৈৰ জন্ম হয় ১৯৭০ চনৰ ৩০ চেপ্টেম্বৰত হাৰিয়ানাত। তেখেতে আন সাধাৰণ শিশুৰ দৰেই স্বাভাৱিকভাবেই জন্মগ্ৰহণ কৰিছিল যদিও ৫ বছৰ বয়সত তেওঁৰ ৰাজহাড়ত এটা টিউমাৰ ধৰা পৰে। সুদীৰ্ঘ ৩ বছৰজোৰা চিকিৎসাৰ অন্তত তেখেতে আৰোগ্য লাভ কৰে। দীপা সৰুৰে পৰাই খুব স্বাধীনচিতিয়া তথা সাহসী আছিল। তেখেতে যদি কিবা এটা লক্ষ্য নিৰ্দিষ্ট কৰি লয় তেন্তে সেইটো পূৰণ নোহোৱা পৰ্যন্ত একাগ্ৰচিত্তে আৰু নিৰবিচ্ছিন্নভাবে লাগি ৰৈছিল। 
                     দীপা মালিক এগৰাকী সুদক্ষ মটৰচাইকেল আৰোহী আছিল। তেখেতৰ স্বামী কৰ্ণেল বিক্ৰম সিং মালিকক প্ৰথম লগ পাওঁতেই কৈছিল যে তেওঁক মটৰচাইকেল চলাবলৈ দিয়াজনৰ লগতহে বিবাহত বহিব। ১৯৮৯ চনত ১৯ বছৰ বয়সত তেখেত বিবাহপাশত আবদ্ধ হয়। দুজনী ছোৱালীৰ মাতৃ হোৱা দীপাৰ সংসাৰ খুব সুন্দৰভাবেই চলি আছিল। কিন্তু দীপাৰ বাবে যেন অন্য এক দুৰ্ভাগ্যই অপেক্ষা কৰি আছিল। ১৯৯৯ চনত তেখেতৰ ৰাজহাড়ৰ অসুখটোৱে পুনৰ উক দিয়ে আৰু ৩টাকৈ অস্ত্ৰোপচাৰৰ অন্তত টিউমাৰটো উঠাবলৈ সক্ষম হয় যদিও কঁকালৰপৰা নিম্নাংশ অকামিলা হৈ পৰে।
                   হুইলচেয়াৰখনেই তেখেতৰ অন্তিম সাৰথি হোৱাৰ স্বত্বেও প্ৰতিকূলতাৰ ওচৰত আত্মসমৰ্পন কৰাৰ পৰিৱৰ্তে নতুন উৎসাহেৰে কেটাৰিং ব্যবসায়ত মনোনিবেশ কৰে। এনেকৈ ৭ বছৰ ব্যৱসায় চলোৱাৰ পাছত ৩৬ বছৰ বয়সত তেওঁ খেল জগতত পদাৰ্পন কৰে। এগৰাকী ৩৬ বছৰীয়া মহিলা ,দুটি সন্তানৰ মাতৃ, তাকো পক্ষাঘাত ৰোগী ! কোনেও যেন বিশ্বাস কৰিব পৰা নাছিল যে তেওঁ এইক্ষেত্ৰত আগবাঢ়িব পাৰিব।কোনোবাই ইতিকিং কৰিছিল, কোনোবাই আকৌ পুতৌ কৰিছিল কিন্তু দীপা মালিক নিজৰ সিদ্ধান্তত অটল আছিল যে তেওঁ নিজৰ লক্ষ্যত উপনীত হবই আৰু আৰম্ভ হৈছিল তেখেতৰ জীৱনৰ অন্য এক যাত্ৰা । কঠোৰ অনুশীলন, ধৈৰ্য, সাহস আৰু একাগ্ৰতাৰে এই গৰাকী মহিলাই বিশ্ববাসীক প্ৰমাণ কৰি দেখুৱালে যে কোনো প্ৰতিবন্ধকতাই তেওঁক ৰুদ্ধ কৰিব নোৱাৰে।  দীপা মালিকে বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খেলত পদক জয় কৰি সফলতাৰ উচ্চ শিখৰত ঢাপে ঢাপে আৰোহণ কৰি গৈ থাকে । তেখেতৰ ক্ৰীড়া প্ৰতিভা কেৱল মাত্ৰ এটা বিষয়তেই সীমাবদ্ধ নাছিল। তেখেতে শ্বটপুত, জেভলিন থ্ৰ’, ডিচকাচ থ্ৰ’, সাঁতোৰ আদি বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।   তেওঁ এতিয়ালৈকে ৫৮ টা ৰাষ্ট্ৰীয় আৰু ১৮টা আন্তঃৰাষ্ট্ৰীয় পদক জয় কৰিছে। এই প্ৰতিটো পদকেই কেৱল মাত্ৰ তেওঁৰ ব্যক্তিগত সাফল্যৰ স্বাক্ষৰেই নহয়, ই হৈছে প্ৰতিকূলতাই দিশহাৰা কৰা প্ৰতিজনৰ বাবেই এক উজ্জ্বল জ্যোতিষ্ক যাৰ পৰশত মৃতপ্ৰায় সপোনে সঞ্জীৱনী সুধা পান কৰি আকাশ ধিয়াই নিজৰ সবল অস্তিত্ব ঘোষণা কৰে। তেওঁৰ সাফল্যৰ স্বীকৃতি স্বৰূপে লাভ কৰা কেইটামান পুৰষ্কাৰ আৰু সন্মান হ’ল-
 ১/ৰাজীৱ গান্ধী খেলৰত্ন বঁটা
২/পদ্মশ্ৰী বঁটা
৩/অৰ্জুন বঁটা
৪/স্বাৱলম্বন পুৰষ্কাৰ,মহাৰাষ্ট্ৰ
৫/হাৰিয়ানা কৰ্মভূমি বঁটা
৬/মহাৰাষ্ট্ৰ ছত্ৰপতি বঁটা ইত্যাদি ।
     এইগৰাকী বহুমুখী প্ৰতিভাসম্পন্ন মহিলাৰ অভিধানত যেন অসম্ভৱ শব্দটোৰ কোনো স্থানেই নাই। তেখেতে ২০০৮ চনত যমুনা নদীত এক কিলোমিটাৰ উজাই সাঁতুৰি লিমকা বুক অব ৰেকৰ্ডচত স্থান লাভ কৰাই নহয়, বাস্তবিকতে সোঁতৰ বিপৰীতে সাঁতোৰাৰ এক নিদৰ্শন দাঙি ধৰে। অসম্ভৱক সম্ভৱ কৰাৰ বাবেই যেন তেওঁৰ জন্ম। তাৰেই আন এটা উদাহৰণ হ’ল ২০০৯ চনত দুঃসাহসিক মটৰ ক্ৰীড়া প্ৰতিযোগিতা Raid de Himalaya ত অংশগ্ৰহণ কৰি ১৭০০ কিলোমিটাৰ অত্যন্ত বিপদসংকুল পথ অতিক্ৰম কৰা কাৰ্য । ই যেন প্ৰতিকূলতাৰ হিমালয়ক জয় কৰি সফলতাৰ এভাৰেষ্টত আৰোহণৰ এক প্ৰতীকি যাত্ৰা। তেওঁৰ সংগ্ৰামী জীৱনৰ শ্ৰেষ্ঠতম কৃতিত্ব হ’ল ২০১৬ চনৰ ৰিঅ’ পেৰাঅলিম্পিকত শ্বটপুতত ৰূপৰ পদক অৰ্জন। তাৰোপৰি ২০১১ চনত IPC World Championship ত শ্বটপুটত ৰূপ, Asian Para Games ত ক্ৰমান্বয়ে  ২০১০ চনত জেভলিন থ্ৰ’ত ব্ৰঞ্জ, ২০১৪ চনত জেভলিন থ্ৰ’ত ৰূপ, ২০১৮ চনত ডিচকাচ থ্ৰ’ আৰু জেভলিন থ্ৰ’ দুয়োটাতে ব্ৰঞ্জৰ পদক লাভ কৰে।
    এইগৰাকী প্ৰচুৰ জীৱনীশক্তি আৰু ইতিবাচক চিন্তাশক্তিৰ অধিকাৰিণীৰ জীৱনৰ প্ৰতিটো কাৰ্যই সকলোকে জীৱনক জয় কৰাৰ কৌশল শিকায়। তেখেত যে কেৱল বিশেষভাবে সক্ষম ব্যক্তিসকলৰহে প্ৰেৰণাৰ প্ৰতীক তেনে নহয় জীৱন যুঁজত হাৰ মানি জীৱন বিমুখ হোৱা প্ৰতিজনৰ বাবেই এক অনুপ্ৰেৰণাৰ উৎস। পৃথিৱীত দীপা মালিকৰ দৰে এনে বহুজন আছে যাৰ অনন্য জীৱন কাহিনীয়ে আমাক সকলোফালৰপৰা সমস্যাই হেঁচা মাৰি ধৰাৰ পাছতো পুনৰ মূৰ তুলি উঠাৰ অমোঘ মন্ত্ৰ শিকাই যায়। যেতিয়াই আমি জীৱনত হতাশাৰ অটল গহ্বৰত পৰি নিজকে হেৰুৱাৰ উপক্ৰম হওঁ, তেতিয়াই দীপা মালিকৰ এই কথাষাৰে আমাৰ মনত নতুন আশাৰ সঞ্চাৰ কৰে:
   “The darkest night brought the best sunrise in my life”.
✲✲✲✲✲✲✲✲✲✲