জোনাকৰ দলিচাত...

স্মৃতিৰ এক মৰহা পৃষ্ঠা

শ্ৰীমতী লুকুমণি কোৱঁৰ
    পুৱা প্ৰায় পাচঁ বাজিছে। পুৱাৰ পক্ষীবোৰৰ চিৰিক মিৰিক কাকলিয়ে হৰি নিলে অম্লানৰ দুই নয়নৰ নিদ্ৰা। লাহে লাহে সি খিৰীকিৰ ওচৰ পালেহি। ৰিবৰিব এছাটি চেঁচা বতাহে দেহ কঁপাই তুলিলে। নিজৰ অলক্ষিতেই সি সোমাই পৰিল স্মৃতিৰ গভীৰতাত। মনটো বহু বছৰ আগৰ দিনবোৰলৈ উৰা মাৰিলে। মনত বাৰে বাৰে ভাঁহি আহিল জন্মদাত্ৰী মাতৃৰ প্ৰতিচ্ছবি।
   দুবছৰ বয়সতে দেউতাকক হেৰুৱা অম্লানে মাকৰ মাজতেই বিচাৰি পাইছিল মাক আৰু দেউতাকৰ মৰম আৰু পৃথিৱীৰ সৰ্বস্ব সুখ। দেউতাক অবিহনে অম্লানক ডাঙৰ কৰোঁতে মাকৰ কিমান কষ্ট হৈছিল সেয়া অম্লানে দেখিছে। সি মনত থকা হোৱাৰ পৰাই মাকক বগা সাজযোৰতে দেখি আহিছিল। সিয়ো বিচাৰিছিল আন মাকবোৰৰ দৰে তাৰ মাকেও ৰঙীন কাপোৰ পিন্ধাটো। কিন্তু... সেইয়া যেন অসম্ভৱ। সমাজে এগৰাকী বিধৱাৰ বাবে সাজি দিয়া বগা কাপোৰযোৰ এৰি ৰঙীন কাপোৰযোৰ পিন্ধাৰ সাহসকন মাকে গোটাব নোৱাৰিলে।
  লাহে লাহে অম্লান ডাঙৰ হৈ আহিল। সি মাকক যিমান পাৰে কামত সহায় কৰি দিয়ে আৰু মাকৰ পছন্দ-অপছন্দৰো হিচাপ ৰাখে। মাকৰ যে নীলা ৰঙৰ মেখেলা চাদৰ ভাল লাগিছিল সেয়াও সি গম পাইছিল। সি মনতে এটা আশা পুহি ৰাখিছিল যে যেতিয়া সি চাকৰি কৰিব তেতিয়া প্ৰথম দৰমহাৰ টকাৰে মাকলৈ এযোৰ নীলা ৰঙৰ মেখেলা চাদৰ আনিব আৰু সেইযোৰ পিন্ধাত কোনো সমাজেই বাধা দিব নোৱাৰিব।
  সময় বাগৰিল। অম্লানে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা পাছ কৰিলে আৰু পঢ়াৰ জীৱন সিমানতে ইতি পেলালে। কৰ্মসংস্থাপনৰ বাবে সি বাহিৰলৈ যাবলৈ ইচ্ছা কৰিলে। প্ৰথমতে মাকে বাধা দিছিল যদিও একমাত্ৰ পুত্ৰৰ ভৱিষ্যতৰ সপোন পূৰণৰ বাবে তাক ধৰি ৰাখিব নিবিচাৰিলে। স্বামীৰ মৃত্যুৰ পিছত অম্লানেই তেওঁৰ জীয়াই থকা একমাত্ৰ সম্বল আছিল। অম্লানক এনেদৰে আতঁৰাই পঠাওঁতে তেওঁৰ চকুলোবোৰ ধৰি ৰাখিব নোৱাৰিলে। অম্লানেও সজল চকুযোৰেৰে সৈতে আশীবাৰ্দ লৈ মাকৰ পৰা বিদায় ললে।
  সময়বোৰ পাৰ হ’ল। অম্লানে কম সময়ৰ ভিতৰতে এজন প্ৰতিষ্ঠিত ব্যৱসায়ী হৈ পৰিল। আজি সি পাঁচবছৰৰ পিছত ঘৰলৈ যোৱাৰ কথা। তাৰ আজি বৰ ৰ্ফূতি। কিমান বছৰৰ পিছত যে মাকৰ মুখখন দেখা পাব। সি দোকানত সোমাই মাকলৈ এযোৰ ধুনীয়া নীলা ৰঙৰ মেখেলা চাদৰ কিনি ললে আৰু গাড়ীখন লৈ গাৱঁৰ অভিমুখে যাত্ৰা কৰিলৈ। ঘৰ পাবলৈ তাৰ যথেষ্ট সময় লাগিল। এই সময়খিনি তাৰ বাবে কেইবাটাও জনম পাৰ হৈ যোৱা যেন লাগিল। চোতালত থিয় হৈয়ে তাৰ চকু থৰ হৈ ৰ’ল। মানুহৰ ভিৰৰ মাজত নিস্তব্ধতাৰে শুই আছে মাকৰ নিথৰ দেহ। বগা কাপেৰেৰে ঢাকি ৰখা মাকৰ মুখখন দেখি কিমান সময়লৈ সি থৰ হৈ থাকিল সি নিজেই নাজানে। এখোজ দুখোজকৈ আগুৱাই গৈ সি মাকৰ নিথৰ দেহটোৰ কাষতে বহি পৰিল। তাৰ চকুত চকুলো নাই, চকুলোবোৰো যেন আজি ৰুদ্ধ হৈ পৰিল। মাথোঁ চিৰনিদ্ৰাত থকা মাকৰ মুখখনি একেথৰে চাই থাকিল। সি তাৰ হাতত থকা মেখেলা চাদৰযোৰ মাকৰ নিথৰ দেহত তুলি দিলে ক’লে.. “চোৱা মা ...মই তোমালৈ তোমাৰ ভাল লগা নীলা ৰঙৰ মেখেলা চাদৰযোৰ আনিছো ..” কিন্তু মাকৰ পৰা একো প্ৰত্যুত্তৰ নাপালে। মাকে যে এদিন তাক এৰি কোনো অজান দেশলৈ গুচি যাব, সেয়া তাৰ বাবে কল্পনাতীত....। 
✬✬✬✬✬