♔ শ্ৰীমতী গায়ত্ৰী বৰুৱা, নৱম শ্ৰেণী
চেচুঘাট শিলপোতা সংযুক্ত উচ্চ মাধ্যমিক বিদ্যালয়
ৰাতিপুৱা ফুল পাহিত পৰি থকা
সেই নিয়ৰৰ টোপালবোৰ
যেন প্ৰতিটো টোপালত লুকাই আছে,
অপূৰ্ৱ সৌন্দৰ্য।
বিচাৰি ফুৰোঁ মই এই অপূৰ্ৱ সৌন্দৰ্যবোৰ
যেন কাৰোবাৰ কান্দোনত সৰি পৰে
এটুপাল চকুৰ পানী।
ৰাতিপুৱা চাৰিওফালে কেৱল নিয়ৰে থাকে আবৰি
নিয়ৰৰ প্ৰতিটো টোপাল যেন
মুকুতা−সোণৰ মণি
প্ৰকৃতিৰ বুকুৰ পৰা সৰি পৰা
সেই নিয়ৰৰ কণাবোৰ।
❁❁❁❁❁