✍ শ্ৰীমতী জোনমণি চিৰিং, অষ্টম শ্ৰেণী
হালধিবাৰী মজলীয়া বিদ্যালয়
২০২১ চনৰ ১৫ আগষ্ট, সমগ্ৰ দেশতেই স্বাধীনতা দিৱস পালন কৰি থকা সময়ত এজাক ডাঙৰ বতাহ−ধুমুহাই অসমৰ বহু ঠাইত বিভিন্ন অঘটন ঘটালে। স্বাধীনতা দিৱসৰ উৎসৱত মতলীয়া হৈ থকাৰ সময়ত বহুলোকে মৃত্যুক সাবটি ললে। অসমৰ ডিব্ৰুগড়, যোৰহাট, তিনিচুকীয়া, বৰপেটা আদি জিলাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰা টান হৈ পৰিল। তাত মানুহৰ ভীৰ হবলৈ ধৰিলে। কিন্তু সেই সময়ত কিছুমান যুৱক তালৈ আহিল। তেওঁলোক এন. চি. চি. বাহিনী। তেওঁলোকৰ মাজৰ ৰাহুল নামৰ কেডেটজনে দহজনকৈ একোটা গোটত ভাগ কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলালে।
অনেক হুলস্থূলৰ মাজতো ৰাহুলক আহি মানুহবোৰে খাটনি ধৰিলে, “চোৱাচোন মোৰ মানুহজনৰ ভৰি ভাগিছে, মোক তেওঁৰ ওচৰলৈ যাবলৈ দিয়া!” আৰু এগৰাকীয়ে ক’লে, “মোৰ সন্তানৰ অৱস্থা সংকটজনক আৰু তাৰ ওচৰলৈ যাবলৈ দিয়া, তাক উদ্ধাৰ কৰা!”
তেতিয়া ৰাহুলে ক’লে, “অনুগ্ৰহ কৰি নাযাব! আমি আমাৰ কাম কৰি আছোঁ। আমি তেওঁলোক সকলোকে উদ্ধাৰ কৰিম। আপুনি যদি তালৈ যায়, সকলোকেই যাবলৈ লাগিব। তেতিয়া পৰিস্থিতি অনেক বিপদজনক হৈ পৰিব। গতিকে সকলোৱে ধৈৰ্য ধৰক! বাকী আমি সম্ভালি ল’ম।”
এতিয়া লাহে লাহে পুৱাৰ ভাগৰ পৰা ১১ বাজিছিল। সকলোৱেই আপোনজনৰ ওচৰলৈ যাবলৈ ৰাহুলক খাটনি ধৰিলে। কিন্তু ৰাহুল সাহসেৰে যুঁজি থাকিল। এনেতে নমিতাই ক’লে, “চোৱা মোৰ স্বামীৰ অৱস্থা। তেখেতৰ নাক ভাঙি তেজ ওলাইছে। তেখেতক উদ্ধাৰ কৰা!”
ৰাহুলে পুনৰ ক’লে, “বা, আপুনি চিন্তা নকৰিব। ইতিমধ্যে এম্বুলেন্স আহি আছে। আপুনি তেখেতৰ লগত মেডিকেললৈ যাব পাৰিব।” সকলোকে ৰাহুলে আত্মবিশ্বাসেৰে প্ৰত্যুত্তৰ দি গ’ল আৰু পৰিস্থিতি সম্ভালি ললে।
এনেতে ৰাহুলে লক্ষ্য কৰিলে আহত−নিহত সকলৰ ওচৰত মানুহৰ জুম বান্ধিছে। ৰাহুলে কৃষ্ণক ক’লে, “দুফালে দুটা বাহ বান্ধি দিয়া আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰা।”
এনেকৈ উপস্থিত বুদ্ধি, সাহস, ধৈৰ্য আৰু সুপৰিকল্পনাৰে দলীয় সতীৰ্থসকলৰ সৈতে ৰাহুলে দহজন জীৱন্তে আৰু ৪০ জনৰ মৃতদেহ উদ্ধাৰ কৰে।
আহতসকলৰ মৰণকাতৰ আৰ্তনাদ, আত্মীয়ৰ অনুৰোধ, হুৱা−দুৱা আদি একোৱে বিচলিত নহৈ ৰাহুলে এটা মহান কাৰ্য অন্ত পেলালে। আমাৰ দেশত থকা সকলো লোকেই দেশমাতৃক সেৱা আগবঢ়োৱা উচিত।
✺✺✺✺✺