✒ তাপসী শৰ্মা, সহকাৰী শিক্ষয়িত্ৰী
বৰবিল খলিহামাৰী প্ৰাৰ্থিমক বিদ্যালয়
"শিক্ষক এডাল মমবাতিৰ দৰে
যি নিজে জ্বলি আনক পোহৰ দিয়ে ।"
যি সকল ব্যক্তিয়ে অশেষ কষ্ট,ধৰ্য্য,সততা আৰু নিষ্ঠাৰে সৎ আৰু উপযুক্ত মানৱ সম্পদ গঢ় দি ভৱিষ্যতৰ এখন সুন্দৰ আৰু নিকা সমাজ গঢ় দিয়াত অৰিহণা যোগায়, সেইসকল ব্যক্তিয়েই হৈছে শিক্ষক।১৮৮৮ চনৰ ৫ছেপ্টেম্বৰ দিনটোত জন্ম হৈছিল এনে এজন মহান শিক্ষকৰ যিজন স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আৰু দেশৰ দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি হৈছিল। এই গৰাকী মহান শিক্ষাবিদ হৈছে ড°সৰ্বপল্লী ৰাধাকৃষ্ণণ।তেখেতৰ জন্মদিনটো প্ৰতি বছৰে "শিক্ষক দিৱস" হিচাপে পালন কৰা হয়।
এইজনা মহান শিক্ষাবিদে ভাৰত আৰু ভাৰতৰ বাহিৰৰ বিশ্ববিদ্যালয়ত অধ্যাপক আৰু উপাচাৰ্য্য হিচাপে শিক্ষকতা কৰি শিক্ষাৰ জগতলৈ যি অৱদান আগবঢ়ালে সেইয়া সদায়েই শিক্ষক সমাজৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ ৰৱ।তেখেতে শিক্ষা বৃত্তিটো ইমানেই ভাল পাইছিল যে দেশৰ ৰাষ্ট্ৰপতি হোৱাৰ পাছতো তেখেতে নিজক শিক্ষক হিচাপে পৰিচয় দিহে গৌৰৱ অনুভৱ কৰিছিল।ৰাধাকৃষ্ণণদেৱে উপলব্ধি কৰিছিল যে এজন শিক্ষকে নিজক শিক্ষাদানৰ বাবে উপযুক্ত কৰি তোলাটো অতিকে প্ৰয়োজনীয়।তেখেতৰ মতে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ সুসম্পৰ্ক থকাটো অতি প্ৰয়োজনীয়।তেখেতৰ মতে ছাত্ৰ -ছাত্ৰীক ভীতি প্ৰদৰ্শন কৰা উচিত নহয়।শিক্ষকে ছাত্ৰ-ছাত্ৰী আৰু সমাজৰ লগত খাপ খুৱাই লৈ নিজৰ স্থিতি বজাই ৰখা উচিত।তেখেতৰ মতে এজন শিক্ষকে ছাত্ৰ-ছাত্ৰীক নতুন অভিজ্ঞতাৰ প্ৰতি স্পীহা জন্মাব লাগে।এজন শিক্ষক অধ্যয়ণপ্ৰিয় হ'ব লাগে যাতে শিক্ষক জনৰ দ্বাৰা ছাত্ৰ-ছাত্ৰী সকলো জ্ঞান লাভৰ বাবে উৎসাহিত হ'ব পাৰে।শিক্ষকৰ সৌজন্যতা ,ব্যক্তিত্ব আৰু সদাচাৰ আদিয়ে শিশুৰ নৈতিক চৰিত্ৰত প্ৰভাৱ পেলায়। ৰাধাকৃষ্ণণদেৱে শিক্ষাদানকাৰ্য্যত মনোবিজ্ঞানৰ গুৰুত্বতা উপলব্ধি কৰিয়েই তেখেতে নিজেও "Licentiate in teaching" ৰ পৰীক্ষাত বহিছিল।তেখেতে শিক্ষকে শ্ৰেণী কোঠাত ছাত্ৰ-ছাত্ৰীৰ মনোযোগ আকৰ্শনৰ প্ৰয়োজনীয়তা উপলব্ধি কৰে।তেখেতে নিম্ন শ্ৰেণীসমূহৰ ছাত্ৰ-ছাত্ৰীৰ মনোযোগ আকৰ্শনৰ বাবে শিক্ষণ সঁজুলি ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।এইজন মহান শিক্ষাবিদৰ মতে এটা শিশুক নৈতিক আৰু আধ্যাত্মিক শিক্ষা প্ৰদানত শিক্ষকে গুৰুত্ব প্ৰদান কৰিব লাগে।তেখেতৰ মতে এজন শিক্ষকে শিক্ষাদানৰ ক্ষেত্ৰত বাক্ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিব লাগে।তেখেতৰ মতে এজন শিক্ষকে সদাচাৰ পালন কৰিহে ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰিব লাগে।তেখেতে জগতৰ বিভিন্ন ঘটনা আৰু আৱিস্কাৰৰ জৰিয়তে শিক্ষাৰ্থীৰ মনোযোগ আকৰ্শনৰ উপদেশ দিছে। ৰাধাকৃষ্ণণ দেৱৰ মতে শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ সৃষ্টিশীল মনোবৃত্তিৰ উৎকৰ্শ সাধনৰ বাবে যত্ন কৰিব লাগে।
এইজনা মহান শিক্ষাবিদে শিক্ষকসমাজৰ বাবে আগবঢ়োৱা আদৰ্শ আৰু চিন্তাধাৰাই সদায়েই শিক্ষকসকলক অনুপ্ৰেৰণা দিব। তেখেতৰ কৰ্মৰ প্ৰতি স্পীহা প্ৰতিজন শিক্ষকৰ বাবে অনুকৰণীয়। ৰাধাকৃষ্ণণ দেৱৰ ভাষাত "teachers should be the best minds in the country." তেখেতৰ আদৰ্শৱান ব্যক্তিত্ব আৰু গুণৰাজিৰ তাৎপৰ্য উপলব্ধি কৰি ইয়াক বাস্তৱ জীৱনত প্ৰয়োগ কৰি এজন শিক্ষকে দেশ এখনৰ ভৱিষ্যত সুন্দৰ কৰি তুলিব পাৰে।
"জন্ম যেনেকুৱাই নহওঁক কিয়,কৰ্ম হওঁক সদায় ভাল।"
✵✵✵✵✵