জোনাকৰ দলিচাত...

শিক্ষা গুৰু

✒ শ্রীভাগ্যদীপ দিহিঙীয়া, প্ৰথম শ্ৰেণী   
হালধিবাৰী বাম−গাঁও প্ৰাঃ বিঃ  
নিস্বাৰ্থ ভাবে বিলাই দিছা তুমি জ্ঞানৰ জ্যোতি । 
হাতত হাত ধৰি দেখুৱাই দিছা জীৱনত মানুহ হোৱাৰ নীতি ।
জীৱনৰ শেষ নোহোৱা যুদ্ধখনত আগুৱাই যাবলৈ শিকাইছা তুমি ।
সমাজ গঢ়াৰ দৰে গধুৰ দায়িত্ব বহন কৰিছা তুমি জনাইছো তোমাক সহস্ৰ প্ৰণিপাত । 
নোৱাৰো তোমাৰ এই দানৰ ধাৰ সোজিব সাতো জনমত।
তথাপিও তোমাৰ চৰণত সদায় কৃতজ্ঞ হৈ ৰ'ম জীৱনৰ অন্তিম দিনৰ লৈকে। 
শিক্ষক দিৱসৰ শুভকামনা থাকিল শিক্ষকবিন্দ লৈ। 
✹✹✹✹✹