উৎস: অসমীয়া ৱিকিপিডিয়া
ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণ এগৰাকী ভাৰতীয় দাৰ্শনিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদ। কুৰি শতিকাৰ ভাৰতৰ চিন্তাবিদ আৰু লিখকসকলৰ ভিতৰত তেখেতে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। ড॰ সৰ্বপল্লী ৰাধাকৃষ্ণণ স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি আছিল (১৯৫২-১৯৬২)। পাছত তেওঁ ১৯৬২ চনৰ পৰা ১৯৬৭ চনলৈকে ভাৰতৰ ৰাষ্ট্ৰপতি পদতো নিৰ্বাচিত হৈছিল।
১৮৮৮ খ্ৰীষ্টাব্দৰ ৫ ছেপ্টেম্বৰ তাৰিখে তামিলনাডুৰ চেন্নাইৰ (আগৰ মাদ্ৰাজৰ) তিৰুটানি নামে ঠাইত ৰাধাকৃষ্ণণে জন্ম গ্ৰহণ কৰে। তেওঁ দেউতাকৰ নাম আছিল সৰ্বপল্লী বীৰাস্বামী (বীৰ চমাইয়া) আৰু মাতৃৰ নাম সীতামা আছিল। তেওঁ এখন জমিদাৰীৰ ’তহছিলদাৰ’ আছিল। ৰামাকৃষ্ণণ বীৰ চমাইয়াৰ দ্বিতীয় সন্তান আছিল। জন্মস্থান তিৰুটানি, চমাইয়াৰ পৰিয়াল আৰু সেই সময়-এই সকলোবোৰ ভৱিষ্যত দাৰ্শনিক ৰাজনীতিবিদ গৰাকীৰ জীৱনে গঢ় লোৱাৰ ক্ষেত্ৰত সকলো দিশৰে পৰা উপযুক্ত এক আদৰ্শ পটভূমি আছিল। কিয়নো তিৰুটানি এখন ধৰ্মস্থান আছিল, চমায়া পৰিয়াল আছিল এটি আদৰ্শ ব্ৰাহ্মণ পৰিয়াল আৰু সেই সময়ছোৱা আছিল সু-প্ৰাচীন হিন্দু সভ্যতাৰ নৱ-জাগৰণৰ সময়।
ৰাধাকৃষ্ণণৰ ৮ বছৰ বয়স হোৱালৈকে, তেওঁ পিতৃ-মাতৃৰ তত্ত্বৱধানত থাকি শিক্ষা লয়। ইয়াৰ পিছত ১৮৯৬ চনত ৰাধাকৃষ্ণণক তিৰুপটিৰ লুথেৰান মিছন স্কুললৈ পঠোৱা হয়। বীৰ চমাইয়া নিজে এজন গোড়া ব্ৰাহ্মণ হ’লেও, শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত ৰাধাকৃষ্ণণৰ একাগ্ৰতালৈ লক্ষ্য কৰি তেওঁক এই খ্ৰীষ্টিয়ান শিক্ষানুষ্ঠানলৈকে পঠোৱাৰ সিন্ধান্ত লয়। ১৮৯৬ চনৰ পৰা ১৯০০ চনলৈকে এই শিক্ষানুষ্ঠানত থকাৰ পিছত ৰাধাকৃষ্ণণে ১৯০০ চনৰ পৰা ১৯০৪ লৈ ভেলোৰ কলেজ আৰু ১৯০৪ ৰ পৰা ১৯০৮ চনলৈ মাদ্ৰাজ খ্ৰীষ্টিয়ান কলেজত দৰ্শন শাস্ত্ৰ অধ্যয়ন কৰে। আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ সমগ্ৰ কালছোৱা ৰাধাকৃষ্ণণে অতিবাহিত কৰে খ্ৰীষ্টিয়ান মিছনেৰী সকলৰ মাজত। মিছনেৰী সকলৰ দ্বাৰা পৰিচালিত এই শিক্ষানুষ্ঠান সমূহৰ কটকটীয়া নীতি-নিয়ম আৰু উচ্চ মানৰ শিক্ষাদানৰ মাজত ৰাধাকৃষ্ণণ ডাঙৰ হৈছিল। ৰাধাকৃষ্ণণৰ চৰিত্ৰ গঠনত তেওঁৰ পিতৃ-মাতৃৰ দৃষ্টিভংগীৰ প্ৰসাৰতায়ো যথেষ্ট অৰিহণা যোগাইছিল। সকলো ধৰণৰ অন্ধ সংস্কাৰৰ পৰা মুক্ত চমাইয়া পৰিয়ালে কোনো অপবাদলৈ ভয় নকৰি শিক্ষাগ্ৰহণৰ বাবে ৰাধাকৃষ্ণণক খ্ৰীষ্টিয়ান শিক্ষানুষ্ঠানলৈ পঠোৱাতো সেই সময়ত অন্যান্য নিষ্ঠাবান ব্ৰাহ্মণ পৰিয়াল সমূহৰ সন্তানসকলৰ ক্ষেত্ৰত প্ৰায় অসম্ভৱ কাৰ্য আছিল। বি-এ পাঠ্যক্ৰমত অংক, পদাৰ্থ বিজ্ঞান, ইতিহাস, জীৱবিদ্যা আৰু দৰ্শন এই কেইটা বিষয়ৰ কোনটোক তেওঁ ’অনাৰ্ছ’ বিষয় হিছাপে ল’ব তাক লৈ ৰাধাকৃষ্ণণ কিছু দোমোজাত পৰে। এনে সময়তে সেই কলেজৰ পৰাই ’দৰ্শন’ত অনাৰ্ছ সহকাৰে পাছ কৰি ওলোৱা তেওঁৰ এজন সম্বন্ধীয় ককায়েকে ৰাধাকৃষ্ণণক কেইখনমান দৰ্শনৰ কিতাপ পঢ়িবলৈ দিয়ে। এই কিতাপ কেইখনে তেওঁৰ ওপৰত যি প্ৰভাৱ পেলায়, তাৰ পৰিণতিত তেওঁ দৰ্শনতে ’অনাৰ্ছ’ লোৱাৰ সিদ্ধান্ত লয়। ইয়াৰ লগতে তেওঁ সংস্কৃত আৰু হিন্দী ভাষাও পঢ়িবলৈ লয়। কলেজীয়া শিক্ষা শেষ কৰাৰ পূৰ্বেই তেওঁ আটাইকেইখন বেদ আৰু উপনিষদ সম্পূৰ্ণৰূপে অধ্যয়ন কৰে। মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা এম.এ ডিগ্ৰীৰ বাবে যুগুত কৰা ৰাধাকৃষ্ণণৰ ’থেচিচ’(Thesis) ‘The Ethics of the Vedanta and its Material Presuppositon’, দৰ্শনৰ ওপৰত তেওঁৰ প্ৰথম গ্ৰন্থ হিছাপে ১৯০৮ চনত প্ৰকাশ পায়। সেই সময়ত ৰাধাকৃষ্ণণৰ মাত্ৰ কুৰি বছৰ বয়স। কিন্তু সেই বয়সতে ৰচিত তেওঁৰ এই গ্ৰন্থত ৰাধাকৃষ্ণণৰ দাৰ্শনিক চিন্তাৰ যি গভীৰতা পৰিলক্ষিত হয় তাৰ মাজতেই দেখিবলৈ পোৱা যায় পৰৱৰ্তী কালৰ মহান দাৰ্শনিকজনকো।
১৯০৩ চনত ১৬ বছৰ বয়সত 'শিৱাকামু'ৰ লগত বিবাহ হয়। তেতিয়া তেখেতৰ পত্নীৰ বয়স আছিল ১০ বছৰ। সেয়ে বিবাহৰ তিনি বছৰ পিছতহে দুয়ো একেলগে থাকিবলৈ লয়।
এগৰাকী শিক্ষক হিছাপে ৰাধাকৃষ্ণণৰ কৰ্মজীৱনৰ বিৱৰণী ক্ৰমানুসাৰে এনে ধৰণৰ:-
* দৰ্শনৰ অধ্যাপক, মহীশূৰ বিশ্ববিদ্যালয় ১৯১৮-২১;
* কলিকতা বিশ্ববিদ্যালয়ত অধ্যাপক, ১৯২১-৩১;
* অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ১৯৩১;
* Professor of Eastern Religion and Ethics, Oxford University 1932-1952;
* বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰথম ভাৰতীয় উপাচাৰ্য, ১৯৪২। ইয়াৰ বাহিৰেও তেওঁ
* মানচেষ্টাৰ কলেজত Upton Lecturer হিচাপে,
* চিকাগো বিশ্ববিদ্যালয়ত Harwell Lecturer of Comparative Religion আৰু
* লণ্ডনৰ ইউনিভাৰ্চিটি কলেজত Hibbert Lecturer হিচাপে বক্তৃতা প্ৰদান কৰে।
ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় শিক্ষাক্ষেত্ৰত ৰাধাকৃষ্ণণে পালন কৰা দায়িত্ব সমূহ এনে ধৰণৰ:-
* Chairman, University Education Commission (1948);
* Chairman of the Executive Board of UNESCO (1948);
* President of UNESCO (1952);
* Representative of the Calcutta University at the Congress of Philosophy,
* Harvard University (May,1962).
ৰাজনীতিৰ ক্ষেত্ৰত নেহৰুৰ সতীৰ্থ ৰাধাকৃষ্ণণে কেন্দ্ৰীয় মন্ত্ৰী সভাৰ এক অতি গুৰুত্বপূৰ্ণ পদত বৈদেশিক মন্ত্ৰী হিছাপে ভাৰতৰ বৈদেশিক নীতিৰ বুৰঞ্জীত ৰচনা কৰে এক নতুন অধ্যায়ৰ। এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ পদমৰ্য্যাদা আৰু সম্পূৰ্ণ ক্ষমতাৰে, ভাৰতৰ ৰাষ্ট্ৰদূত হিছাপে ১৯৪৯ চনৰ পৰা ১৯৫২ চনলৈ ছোভিয়েত ৰাছিয়াত থকা সময়ছোৱাত কাশ্মীৰ সমস্যাক লৈ পাক-ভাৰত মতানৈক্যৰ বিষয়ত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওচৰত সপক্ষে ছোভিয়েত সমৰ্থন আদায় কৰি তেওঁ ৰাজনৈতিক বিচক্ষণতা দেখুৱাইছিল।
১৯৫২ চনৰ পৰা ১৯৫৬ চনলৈ আৰু পুনৰ ১৯৫৭ চনৰ পৰা ১৯৬২ চনলৈ দুবাৰকৈ ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ পদৰ অধিষ্ঠিত হৈ থকাৰ পিছত ১৯৬২ চনত ৰাধাকৃষ্ণণ ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়। সেই সময়তেই বিশ্বই তেওঁক দাৰ্শনিক আখ্যা দিয়ে।
উদাৰনৈতিক ধৰ্মীয় দৃষ্টিকোণ আৰু ধৰ্ম নিৰপেক্ষতাৰ প্ৰতি আস্থাশীল আছিল ৰাধাকৃষ্ণন। ভাৰতীয় ধৰ্মীয় দৃষ্টিকোণৰ পৰা মানৱ জীৱনৰ চৰম লক্ষ্য সাধন হয় ’ব্ৰহ্ম’ৰ উপলব্ধিত। ইয়াৰ বাবে পৰ্য্যায়ক্ৰমে ব্ৰহ্মচাৰ্য পালন, ব্ৰহ্মজ্ঞানৰ সাধন আৰু ব্ৰহ্মবাদৰ বিশ্বাসত নিজকে ব্ৰতী কৰিব লাগে। সেই অৰ্থত ৰাধাকৃষ্ণণ এজন প্ৰকৃত ব্ৰহ্মচাৰী, এজন প্ৰকৃত ব্ৰহ্মজ্ঞানী আৰু এজন প্ৰকৃত ব্ৰহ্মবাদী আছিল। সৰ্বসাধাৰণৰ জীৱনত বহুতৰে ক্ষেত্ৰত অন্তৰ্নিহিত গুণৰাশিৰ কিছু পৰিমাণে বহিৰ্প্ৰকাশ ঘটিলেও তাৰ মাজেদিয়েই সম্পূৰ্ণ কৃতকাৰ্য্যতা লাভ কৰাটো সম্ভৱ হৈ নুঠেগৈ। এই ক্ষেত্ৰত ৰাধাকৃষ্ণণ হ’ৰ বিশ্ব-মনীষীসকলৰ ভিতৰতো এক ব্যতিক্ৰম। দেশৰ ৰাজনীতিত অংশ গ্ৰহণ কৰি তেওঁ সেই ক্ষেত্ৰতো ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ দেশৰ সৰ্বোচ্চ সন্মানৰ অধিকাৰী হৈছিল যদিও তেওঁক বিশ্ববাসীয়ে অধিকতৰভাৱে সন্মান কৰিছিল এগৰাকী মহান দাৰ্শনিক আৰু শিক্ষক হিচাপেহে।
❀❀❀❀❀