জোনাকৰ দলিচাত...

অপৰাহ্ণ ক্ষণ

 ‍✒ শ্ৰীমতী বৰষা বৰুৱা, অষ্টম শ্ৰেণী   
চেচুঘাট শিলপোতা সংযুক্ত উচ্চ মাধ্যমিক বিদ্যালয়   
অপৰাহ্ণ মোৰ বাবে
এটি মধু ক্ষণ
ফিৰ-ফিৰিয়া বতাহ জাকে
জোৱাই দিয়ে মন।
নাচি বাগি কটাওঁ সময়
লগৰীয়াৰ লগত
তাতোতকৈ সুখ নাই
এই জগতত।
পশ্চিম দিশত মাৰ যোৱা
সেন্দুৰীয়া বেলি
আমিও নাচি বাগি যাওঁ
ঘৰলৈ উভতি।
এটি দিনৰ সমাপ্তি ঘটাই
সকলোকে দিওঁ বিদায়
নতুন এটি দিনৰ বাটচাই
প্ৰতিটো ক্ষণ মই
যাওঁ আগুৱাই।
✱✱✱✱✱