✒ শ্ৰীমতী পৰিশ্মীতা কলিতা, তৃতীয় শ্ৰেণী
২৮ নং দলনীকুৰ প্ৰাথমিক বিদ্যালয়
মা, তুমি ক’ত আছা
সোনকালে আঁহা
পঢ়াই দিব লাগে
মোৰ কাষত বহা।
পঢ়া পঢ়া মোৰ দেহা
ভালদৰে পঢ়া,
মা−দেউতাৰ মান−সন্মান
ৰাখিবলৈ চেষ্টা কৰা।
পঢ়িবলৈ দিলে মোৰ
ধৰে টোপনি,
সেই কাৰণে পঢ়াত মোৰ
লাগে খেলি মেলি।
গৰম বন্ধ আহিলে
টোপনি ভাঙে,
ঘৰত থাকিবলৈ মোৰ
আমনি লাগে।
✽✽✽✽✽