জোনাকৰ দলিচাত...

ভেজ ৰোল আৰু এটি শিশু

মৌচুমী ভট্টাচাৰ্য্য ফুকন, সহকাৰী শিক্ষয়িত্ৰী
কলৌলোৱা উচ্চ বুনিয়াদী বিদ্যালয়
   কাহিনীটো দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ। সেই সময়ত প্ৰায়বিলাক খাদ্য সামগ্ৰীৰে অভাব হৈছিল। ঘৰৰ মহিলা সকলে বৰ কষ্টেৰে পৰিয়ালৰ মাজত আহাৰ বিতৰণ কৰিছিল। আহাৰ যাতে কণমানো নষ্ট নহয় সেই লৈ সকলো সজাগ হৈ পৰিছিল। এটি পৰিয়ালত আহাৰৰ নাটনি মাৰিবলৈ এদিন ৰাতি ভাতৰ সলনি ৰুটি  প্ৰস্তুত কৰিলে আৰু ঘৰত যি পাচলি আছিল সেয়া সিজাই অলপ নাৰিকল ৰোকা মিহলাই ৰুটিৰ মাজত ভৰাই দিলে। মানে আজিৰ দিনৰ যিটো ভেজ ৰোল। শিশুহঁতে নতুন ধৰণৰ আহাৰ খাবলৈ ভাল পায়। সেই ঘৰৰো এজন শিশুৱে ইটোৰ পিছত সিটোকৈ কেইবাটাও এনে ৰোল খালে।
   ৰাতি যেতিয়া শুবলৈ গল সেই সময়ত ককায়েকে মাতি আনি মৰমেৰে ক’লে যে সিহঁতৰ বাবে ৰুটি দুই তিনিখনকেহে আছিল। যিহেতু সি খুজি আছিল আৰু মাকেও না নকৰে সেয়ে মাকে নিজৰ ভাগ তেওঁক দি নিজে ৰাতিটো লঘোনত থাকিল। সেই কথাটোৱে শিশুজনক ইমান আঘাত দিছিল যে বহুদিন মাকৰ মুখামুখি হ’বলৈকে লাজ পাইছিল। আৰু পিছলৈ গোটেই জীৱনজুৰি নিজৰ আশ-পাশৰ লোকসকলৰ প্ৰয়োজন সমূহৰ বিষয়ে সদায় ধ্যান ৰখাৰ অভ্যাস গঢ় লৈছিল। এই মানুহজন কোন আছিল জানানে? তেওঁ আছিল আমাৰ ভাৰতৰ এজন বিখ্যাত বিজ্ঞানী তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এ. পি. জে. আব্দুল কালাম।
❁❁❁❁❁❁