জোনাকৰ দলিচাত...

অনুগল্প

মীনা নাওঁশলীয়া, সহ শিক্ষয়িত্ৰী 
হালধিবাৰী মজলীয়া বিদ্যালয়  

সফলতা
নিৰৱতা পুষ্ট কৰ্মৰ সাফল্যক সদায় কোলাহলপূৰ্ণ জীৱনে আকোঁৱালি লয়!
কথাষাৰ শিৰণত কৰিয়েই তাই আজি টকিঅ' অলিম্পিকত ব্ৰঞ্জ পদক লাভ কৰিবলৈ সক্ষম হ’ল।
আশা
পদূলি মুখত বাটলৈ চাই চাই সন্ধিয়া লগাত আজিও সেমেকা চকুৰে ভিতৰলৈ সোমাই আহিল সীমান্তত কৰ্মৰত আৰক্ষী  জোৱানজনৰ পত্নীগৰাকী।
সপোন
মাহীমাকৰ যন্ত্ৰণা পাইও তাই সপোন বান্ধিছিল অনুৰাধা বাইদেউক মায়াবৃত্তৰ সুবৰ্ণৰ দৰে এজোপা ওখ গছ হৈ সাধাৰণ মানুহক ছাঁ দিবলৈ।
অস্তিত্ব
‘দাদা আমাৰ গাড়ীখন নদীত ডুব গ’ল।’ বুলি চিঞৰা সৰু ছোৱালীজনীৰ আৰ্তনাদেও ভগৱানৰ অন্তৰাত্মা কঁপাব নোৱাৰাত সকলোৱে ভগৱানৰ অস্তিত্বৰ বিষয়ে চিন্তিত হৈ পৰিল।
যান্ত্ৰণা
এনেকুৱা নহয় যে মই তোমাৰ অবিহনে জীয়াই থাকিব নোৱাৰিম, কিন্তু মই তোমাৰ অবিহনে জীৱনৰ কথা ভাবিব নোৱাৰো বুলি কোৱাজনে যে তাইক জীৱনৰ মাজবাটতে এৰি থৈ তাইৰ জীৱন দুখেৰে পৰিপূৰ্ণ কৰিব তাই ভবাই নাছিল।
সিদ্ধান্ত
মাহীমাকে খুন্দি মাৰি পেলোৱাৰ পাছতো পুনৰ জনম লৈ তেজীমলাই জীয়াই থকাৰ সিদ্ধান্ত অটুট ৰাখিলে।
✾✾✾✾✾