
“জোনাক” এটি মিঠা শব্দ, এটি ভাল লগা শব্দ। শৰতৰ নিশা শুভ্ৰ শেৱালিৰ স্নিগ্ধ সুভাসে মন−প্ৰাণ মতলীয়া কৰি তোলে। সেয়ে জোনাক সকলোৰে প্ৰিয়, সকলোৰে আপোন। কবিৰ ভাষাত, “মায়াময় ৰূপালী জোনাক...”
এই মায়াময় জোনাকৰ দৰেই অতিকে মৰমলগা আমাৰ ছাত্ৰ−ছাত্ৰীসকল, সিহঁতৰ হাঁহি−ধেমালীবোৰ, সিহঁতৰ নিস্পাপ মনবোৰ, সপোনবোৰ। এই সপোনবোৰকেই বিদ্যালয়ৰ চাৰিবেৰৰ মাজৰ পৰা আকাশৰ বাট দেখুওৱাৰে এটি ক্ষুদ্ৰ প্ৰচেষ্টা হৈছে “জোনাক”।
এই মহান উদ্দেশ্য আগত ৰাখিয়েই শিক্ষক দিৱসৰ শুভ ক্ষণত খোৱাং কলৌলোৱা, উত্তৰ খোৱাং, দক্ষিণ খোৱাং আৰু হালধিবাৰী মণ্ডল সমল কেন্দ্ৰৰ সমূহ শিক্ষক−শিক্ষয়িত্ৰী, ছাত্ৰ−ছাত্ৰী আৰু অভিভাৱক−অভিভাৱিকাৰ সহযোগত “জোনাক” নামৰ এই ই−আলোচনীখন প্ৰকাশ কৰা হৈছে। সম্পাদক হিচাপে এই আলোচনীখন প্ৰকাশ কৰোঁতে এই অভাজন কিমানখিনি সফল অথবা বিফল হৈছোঁ, সেয়া আপোনাসৱৰ বিচাৰ্য্য।
অতি সীমিত সমলেৰে প্ৰকাশ পোৱা আলোচনীখনলৈ যিসকল শিক্ষক−শিক্ষয়িত্ৰী, ছাত্ৰ−ছাত্ৰী আৰু অভিভাৱক−অভিভাৱিকাই লেখা প্ৰেৰণ কৰিলে, তেওঁলোকলৈ এই আপাহতে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। বিভিন্ন কাৰণত যিসকলৰ লেখা প্ৰকাশ কৰিব পৰা নহ’ল তেওঁলোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলোঁ। সদৌ শেষত এই কাৰ্যত বিশেষভাবে সহায় আগবঢ়োৱা বিকাশ চন্দ্ৰ দাস ছাৰ আৰু দিব্যজ্যোতি দত্ত ছাৰক ধন্যবাদ জনালোঁ।
আশাকৰোঁ সকলোৱে “জোনাক”খনি আকোঁৱালি লব আৰু আমাৰ অজানিতে ৰৈ যোৱা ভুল−ত্ৰুতিবোৰ মাৰ্জনা কৰিব।
ধন্যবাদেৰে...
মোহিনী মোহন গগৈ
সম্পাদক
০৫/০৯/২০২১
✾✾✾✾✾