জোনাকৰ দলিচাত...

ছাত্ৰৰ কৰ্তব্য

শ্ৰীমানসজ্যোতি মাউত
চেচুঘাট শিলপোতা সংযুক্ত উচ্চ মাধ্যমিক বিদ্যালয় 
আৰম্ভণি:
মনৰ অজ্ঞান আন্ধাৰ দূৰ কৰি জ্ঞানৰ শলিতাগছি জলোৱাৰ বাবে যিবিলাক শিশু আৰু কিশোৰ−কিশোৰীয়ে বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়লৈ গৈ নিয়মিতৰূপে অধ্যয়ন কৰে তেওঁলোকেই ছাত্ৰ। বিদ্যাই মানুহক দুঃসংগ আৰু দূৰ্বাসনাময় পৰিহাৰ কৰিবলৈ শিকায়। ছাত্ৰই বিদ্যালয়ত সু সংগ লাভ কৰি মন সুবাসনাময় কৰি তোলে। শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক দিশত নিজকে সুস্থ আৰু সবল কৰি তুলিব পাৰে। ছাত্ৰ অৱস্থাতেই ভৱিষ্যত জীৱন মধুময় আৰু সুখময় কৰি তুলিব পাৰে। 
ছাত্ৰৰ প্ৰধান কৰ্তব্য: ছাত্ৰৰ অধ্যয়নেই তপস্যা। অধ্যয়নৰ বাবেই ছাত্ৰ বিদ্যালয়লৈ যায়। অসমীয়াত এটি প্ৰৱচন আছে “পঢ়াই, পঢ়ে ৰোৱে পাণ, এই তিনিয়ে নিচিন্তে আন।” অধ্যয়ন ছাত্ৰৰ প্ৰধান কৰ্তব্য। প্ৰতিজন ছাত্ৰই পৰীক্ষাসমূহত যোগ্যতাৰ সৰ্বোৎকৃষ্ট এখন প্ৰমাণ পত্ৰ লাভ কৰিব লাগিব। সেই প্ৰমাণ পত্ৰৰ ওপৰতে ভৱিষ্যত জীৱনৰ কৰ্মসংস্থানকে আদি কৰি বহুত কথা নিৰ্ভৰ কৰে। প্ৰতিজন ছাত্ৰই গভীৰ মনোযোগেৰে অধ্যয়নত ব্ৰতী হ’ব লাগে। তাৰ কাৰণে প্ৰয়োজন হয় মনৰ ঐকাত্মিকতা অনুশীলন আৰু অভ্যাস। ছাত্ৰসকলে পুনঃ পুনঃ চেষ্টা কৰি সকলো বিষয় হৃদয়ঙ্গম কৰিব পাৰিব লাগিব। প্ৰতিজন ছাত্ৰই জীৱনত এটা সৎ উদ্দেশ্য ৰাখি অধ্যয়ন কৰা উচিত। সেই উদ্দেশ্যত সফলতা অৰ্জন কৰিবলৈ হ’লে ছাত্ৰ−ছাত্ৰীসকলে শিক্ষণীয় প্ৰতিটো বিষয় গভীৰভাবে অধ্যয়ন কৰি সেইবোৰ আয়ত্ত কৰা অতি প্ৰয়োজন। এলাহ নিহালি থৈ বীৰবেশ গাত লৈ আমি দিনে দিনে আগবাঢ়ি যাবলৈ অকৃত্ৰিম যত্ন আৰু চেষ্টা কৰিব লাগিব। ছাত্ৰ অৱস্থাতে গভীৰ আত্মবিশ্বাস আৰু প্ৰতিযোগিতামূলক মনোভাৱৰো সৃষ্টি কৰিব লাগে। তদুপৰি নিযমানবৰ্ত্তিতা, শৃংখলাবদ্ধতা, সময়ানুবৰ্ত্তিতা আদি গুণসমূহৰো হোৱা ছাত্ৰসকলৰ কৰ্তব্যৰ ভিতৰত পৰে। এই গুণবিলাকৰ অবিহনে এজন ছাত্ৰ কেতিয়াও প্ৰকৃত অৰ্থত শিক্ষিত হ’ব নোৱাৰে। 
    বৰ্তমান যুগ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ। এজন ছাত্ৰই আজিৰ যুগত কেৱল কিতাপৰ মাজতে আবদ্ধ থাকিলেও নহব। আমাৰ চিন্তাবোৰ বিজ্ঞানসন্মত আৰু বাস্তৱধৰ্মী হোৱা প্ৰয়োজন। পঢ়াৰ সমানে কুইজ প্ৰতিযোগিতা, খেলা−ধুলা, বক্তৃতা দিয়া আদি কথাৰ প্ৰতিয়ো ছাত্ৰসকলে মনোনিবেশ কৰা দৰকাৰ। নিজৰ ৰুচি অনুসৰি নিজৰ নিজৰ সুপ্ত প্ৰতিভাসমূহ বিকাশ কৰাৰ উপযুক্ত সময় হ’ল ছাত্ৰ জীৱন। বৰ্তমান যুগৰ আহ্বান ক্ৰমে ছাত্ৰসকলে বহুমুখী প্ৰতিভাৰ অধিকাৰী হ’ব নোৱাৰিলে, গণতন্ত্ৰ ৰাষ্ট্ৰৰ এজন প্ৰগতিশীল নাগৰিক হিচাপে নিজকে পৰিচয় দিব নেৱাৰিব। এইখিনিৰ অধিকাৰী হ’বলৈ গভীৰ অধ্যয়ন, সৎ−সহপাঠীৰ লগত অভ্যাস আৰু অনুশীলন কৰিব লাগিব। মহাপুৰুষসকলৰ আদৰ্শ্ৰে নিজকে গঢ় দিবলৈ চেষ্টাৰ ত্ৰুতি কৰিব নেলাগে। কবিয়ে ছাত্ৰসকলক উদ্দেশ্য কৰি কবিতাত লিখিছে: 
“গোটোৱা গোলাপ কলি
থাকোঁতে সময় সখি
জীৱনৰ সোঁত বলি যায়।” 
সময় গতিশীল। সময় যেনেদৰে বোৱতী সুঁতীৰ দৰে প্ৰৱাহিত হৈ থাকে ঠিক তেনেদৰে শৈশৱ কালো কাৰোবাবে ৰৈ নেথাকে। 
শিক্ষকৰ প্ৰতি কৰ্তব্য: “শ্ৰদ্ধাবানং লভতে জ্ঞানম” শ্ৰদ্ধা নাথাকিলে ছাত্ৰই জ্ঞান অৰ্জন কৰিব নেৱাৰে। বিদ্যালয়ৰ সকলো শিক্ষক−শিক্ষয়িত্ৰীকে প্ৰতিজন ছাত্ৰই শ্ৰদ্ধা কৰিব লাগে। 
সামৰণি: ছাত্ৰসকল দেশৰ ভৱিষ্যত কৰ্ণধাৰ। ছাত্ৰসকলে ছাত্ৰ অৱস্থাত নিজকে এজন তীক্ষ্ণ বুদ্ধিসম্পন্ন কৰি গঢ় দিব লাগিব। সোণৰ শৈশৱ কালতেই ছাত্ৰসকলে নিজকে সোণত সুৱগা চৰাকৈ গঢ়িব লাগিব। 
✲✼✲✲✲