জোনাকৰ দলিচাত...

শিক্ষা আৰু শিক্ষক

✍  বিকাশ চন্দ্ৰ দাস 
সহকাৰী শিক্ষক,দুলিয়াবাম প্ৰা:বি:  
  সমাজৰ উন্নতি আৰু কল্যাণৰ বাবে এজন শিক্ষকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ শিক্ষকসকলক দেশৰ কৃতিত্ব আৰু অভিলাষ জোখাৰ মাপকাঠি বুলি বিবেচনা কৰা হয়৷ শিক্ষকসকল হ’ল এটা জাতিৰ ভাগ্য নিৰ্মাতা৷ এজন শিক্ষকে নিজৰ গুণ, জ্ঞান, দক্ষতা, নিপুনতা আদিৰ ওপৰত ভিত্তি কৰি  শিক্ষা প্ৰদান কৰিলে শিক্ষাদান প্ৰক্ৰিয়াটো সফল হ’ব৷
   আজিৰ শিশু দেশৰ ভৱিষ্যতৰ মূলধন৷ সাধাৰণতে শিশুসকল শিক্ষকসকলৰ দ্বাৰাই আটাইতকৈ বেছি প্ৰভাৱিত হয়৷ গতিকে শিক্ষাৰ্থীৰ অভ্যাস, আচৰণ, চৰিত্ৰ তথা ব্যক্তিত্ব গঠনত বিশেষ ভূমিকা পালন কৰাটো শিক্ষক এজনৰ নৈতিক দায়িত্ব৷ শিক্ষাৰ ক্ষেত্ৰত শিক্ষকৰ ভূমিকা তাৎপৰ্যপূৰ্ণ৷ প্ৰকৃত শিক্ষক সেইজন যিজনে নিজে শিক্ষাৰ্থীৰ স্তৰলৈ নামি আহি শিক্ষাৰ্থীসকলৰ প্ৰয়োজনীয়তাৰ কথা উপলব্ধি কৰি শিক্ষাৰ্থীসকলক উপযুক্ত শিক্ষা প্ৰদান কৰিব পাৰে৷ শিক্ষক এজনে শিক্ষাৰ বিকাশৰ হ’কে শিক্ষাদানৰ নীতি, আচৰণ বিধিৰ মাজত থাকি উন্নত আৰু গুণগত সেৱা আগবঢ়াম বুলি নিজে অংগীকাৰবদ্ধ হ’ব লাগিব৷ বিষয়বস্তুৰ ওপৰত আৰ্জিত জ্ঞান আৰু যোগাযোগ কৌশলে শিক্ষণৰ দক্ষতা বৃদ্ধি কৰে৷ গতিকে শিক্ষাদান প্ৰক্ৰিয়াটো অধিক উন্নত তথা গুণগত কৰি তুলিবলৈ শিক্ষকজনে শেহতীয়া জ্ঞানৰদ্বাৰা সমৃদ্ধ হ’ব লাগে৷ পৰিস্থিতি সাপেক্ষে এজন শিক্ষকে নেতা, সিদ্ধান্তদাতা, উপদেষ্টা, পথ-প্ৰদৰ্শক, সমাজসেৱক আদি বিভিন্ন দায়িত্ব সময়ে সময়ে পালন কৰিব লগা হয়৷ শিক্ষক এজনৰ যোগ্যতা, ক্ষমতা, কৰ্মনিষ্ঠা, সামৰ্থ্য তথা চৰিত্ৰই এখন সমাজ গঠনত বিশেষ ভূমিকা পালন কৰে৷ এজন শিক্ষকে সাধুতাৰে নিয়াৰিকৈ নিজৰ দায়িত্ব, কৰ্তব্য পালন কৰাটো জৰুৰী৷ এজন শিক্ষকৰ সুচিন্তা, নিৰবচ্ছিন্ন প্ৰচেষ্টা, কৰ্মনিষ্ঠা, সততাই শিক্ষাৰ্থীসকলক ভৱিষ্যত জীৱনৰ সঠিক পথ-প্ৰৰ্দশন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷
✦✦✦✦✦