জোনাকৰ দলিচাত...

আকৌ নতুন প্ৰভাত হ'ব

✒ চন্দ্ৰলেখা সোনোৱাল, সহ শিক্ষয়িত্ৰী   
                        দলনীকুৰ প্ৰাথমিক বিদ্যালয়   
কেনে আছা তোমালোক?
নিশ্চয় কুশলে আছা!
বহুদিন হ'ল নেদেখা
পল পল সময়ৰ গতি
দিন, মাহ , বছৰ
আৰু নো কিমান লেখিম !

বৰ উদাস উদাস লাগে
তোমালোক কাষত নাই যে,
আজিকালি তোমালোকৰ বিহনে
মন জুৰ নপৰে অ',
চকুযোৰে পিট পিটাই ঘুৰে
জানোচা ক'ৰবাত দেখা পাওঁ।

তোমালোকে পিছে 
ঘৰতে থাকিবা,
ৰাজহুৱা স্থানত
উখল মাখল কৰি
বেমাৰৰ বীজাণুক প্ৰশ্ৰয় নিদিবা।

মই প্ৰায়ে আহোঁ ইয়ালৈ
সুকোমল খোজৰ 
পৰশবোৰ চাবলৈ,
"ড্ৰপ বক্স"ত মোলৈ থৈ যোৱা
মৰম বুটলিবলৈ।

আমাৰ উমলা
দুবৰি দলিছাখন
এতিয়া নিতাল হ'ল।
দুবৰিয়ে বিনাই,
তোমালোকৰ খোজৰ 
পৰশ যে নাই।
তুমি চাই ভাল পোৱা
ৰান্ধনিশালৰ ধোঁৱা বোৰে
কুণ্ডলী পকাই
এতিয়া নুঘুৰে,
আখলত জুই যে নাই।

বিদ্যাৰম্ভ দিৱসত
ৰোপন কৰা পুলিটো
বাঢ়িব পৰা নাই ।
বনৰীয়া লতাই বেৰি ধৰিছে।
শিক্ষক দিৱসত ৰোৱা
 ফুল পুলিটোও
টাবত জয় পৰি আছে
তোমাৰ মৰমী হাতৰ
পৰশ যে নাই।

বনৰীয়া লতাবোৰ
আতৰাম বাৰু।
কেৱল তোমালোকৰ
মন পথাৰত 
অপতৃণ গজিব নিদিবা
পথাৰ খন জীপাল কৰি ৰাখিবা।
প্ৰতিদিনে পুৱা গধূলি
কবিতা, পাঠবোৰ আওৰাবা।
উকা বহীত
আখৰবোৰ বাখৰৰ দৰে সজাবা।
চৌপাশৰ দৃশ্যবোৰে
উকা পৃষ্ঠা
ৰঙেৰে বোলাবা।
মনলৈ হতাশা নামিলে
মই গোৱা মঃ চোলেইমান খাঁ দেৱৰ--
      "নোৱাৰোঁ কথাটিৰ হেৰা বেয়া কথা বৰ,
       কদাপি নহয় সিটি কথা মানুহৰ, …"
কবিতাটো মনত পেলাবা।
মন বেয়া লাগিলে
আমি গোৱা-"তোৰে মোৰে আলোকৰে যাত্ৰা…"
গীতটো গাবা।

আইৰ অসুখ এদিন ভাল হ'ব,
নতুন প্ৰভাত আকৌ আহিব,
দুবৰিয়ে সাৰ পাব,
ফুলবোৰে হাঁহিব
খেলা-ধুলা, সাধুকথা
গীত- কবিতাৰে
মুখৰিত হ'ব
❄❄❄❄❄