শ্ৰীমতী ভাগশ্ৰী বৰা, চতুৰ্থ শ্ৰেণী
দলনীকুৰ প্ৰাথমিক বিদ্যালয়
গোলাপ তুমি বৰ ধুনীয়া,
তোমাৰ দৰে যদি ময়ো হলোহেতেন!
তোমাৰ সৌন্দৰ্যই মোক বিয়াকুল কৰি তুলে,
তোমাক চুবলৈ
কিন্তু স্পৰ্শ কৰিলে
তোমাৰ পাহিবোৰ সৰি যায়।
কিয় গোলাপ?
তুমি ইমান আলসুৱা নে?
মোৰ মনটোও বৰ আলসুৱা,
ঠিক তোমাৰ দৰে।
কিন্তু মই তোমাৰ দৰে ধুনীয়া নহয়।
তুমি ইমান ধুনীয়া যে
মৰমলগা পখিলাজনীও
তোমাৰ কাষেদি গ'লে
তোমাক চুমা নিদি যাব নোৱাৰে।
সঁচাই গোলাপ তুমি বৰ ধুনীয়া।
❆❆❆❆❆