জোনাকৰ দলিচাত...

ফুল

✒ শ্ৰীমতী ৰশ্মিৰেখা বড়া, পঞ্চম শ্ৰেণী   
দলনিকুৰ প্ৰাথমিক বিদ্যালয়   
ফুল অ’ ফুল
ফুলি আছা তুমি
নানা ৰঙি বেশেৰে
ফুলনি মনোহৰ কৰি।
তোমাৰ দৰে হ’বলৈ
মোৰ মন যায়,
তোমাৰ লগত ফুলিবলৈ
মোক দিবা নে ঠাই।
কত যে নাম তোমাৰ
কত যে পাপৰি
তোমাৰ সৈতে খেলা কৰি
নপৰোঁ ভাগৰি।
তোমাৰেই কত যে
মালা গাথোঁ আমি
তোমাৰেই কত যে
পূজা পাতোঁ আমি।
তুমিয়েই সজালা
ধুনীয়া ধৰণী
তুমিয়েই সজালা
আমাৰ মনৰ কৰণী।
✿✿✿✿✿