জোনাকৰ দলিচাত...

আশাৰ ৰেঙণি

✒ চন্দ্ৰলেখা সোণোৱাল, সহ শিক্ষয়িত্ৰী  
                          দলনীকুৰ প্ৰাথমিক বিদ্যালয়  
"বিতু আহা! কেৰাচিনো নাই, কামখিনি পোহৰে পোহৰে হৈ গ'লে ভালে।"
   মাকে বাৰান্দাতে ঢাৰীখন পাৰি ল'ৰা টোক বহালে। সি বহী মেলি গৃহ কৰ্মবোৰ পুনৰ চাই ল'লে।অলপ পিছতে কীপেড ম'বাইল টো বাজি উঠিল।
   "হেল্ল'.... বাইদেউ মই সাজু হৈয়ে আছোঁ।"
   সি প্ৰশ্নোত্তৰ বানান সহ দি গ'ল। ইংৰাজী কবিতাটিও সি সলসলীয়াকৈ মাতিলে। সিমূৰৰ প্ৰশংসা সূচক শব্দ শুনি কাষতে বিচনি বিচি বিচি বহি থকা মানুহজনীয়ে, শিক্ষয়িত্ৰী স্বৰ্ণলতা বাইদেউক আৰু টেবুলৰ একাষৰীয়া ম'বাইলটোৰ গৰাকীক মনে মনে ধন্যবাদ দি চকুহাল বহলকৈ মেলি আকাশলৈ চালে। আকাশত তেতিয়া সাঁজৰ তৰাটো ক্ৰমাত উজ্জ্বলি উঠিছিল।
******